Surah Az-Zalzalah ( The Earthquake )

Surah Az-Zalzalah ( The Earthquake ) - অসমীয়া Aya count 8

পৃথিৱী যেতিয়া প্ৰবল কম্পনত প্ৰকম্পিত হ’ব,
আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা বোজাবোৰ উলিয়াই দিব,
আৰু মানুহে ক’ব, ইয়াৰ কি হ’ল?
সেইদিনা পৃথিৱীয়ে তাৰ বৃত্তান্ত বৰ্ণনা কৰিব,
কাৰণ তোমাৰ প্ৰতিপালকে তাক নিৰ্দেশ দিছে,
সেইদিনা মানুহে ভিন্ ভিন্ দলত ওলাই আহিব যাতে সিহঁতক সিহঁতৰ কৃতকৰ্মবোৰ দেখুৱাব পৰা যায়,
এতেকে যিয়ে অণু পৰিমাণ সৎকৰ্ম কৰিছে সেয়া সি দেখিবলৈ পাব।
আৰু যিয়ে অণু পৰিমাণ অসৎকৰ্ম কৰিছে সেয়াও সি দেখিবলৈ পাব।
Share