Surah Al-Qadr ( The Night of Decree )

Surah Al-Qadr ( The Night of Decree ) - অসমীয়া Aya count 5

নিশ্চয় আমি ইয়াক অৱতীৰ্ণ কৰিছোঁ লাইলাতুল ক্বদৰত (মৰ্যাদা পূৰ্ণ ৰাতিত);
তুমি কি জানিবা লাইলাতুল ক্বদৰ কি?
লাইলাতুল ক্বদৰ হৈছে এহেজাৰ মাহতকৈও শ্ৰেষ্ঠ।
সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ (জিব্ৰীল) তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে যাৱতীয় সিদ্ধান্ত লৈ অৱতৰণ কৰে।
শান্তিময় সেই ৰাতি, ফজৰৰ আবিৰ্ভাৱ নোহোৱালৈকে (শান্তি বিস্তৃত থাকে)।
Share