Surah At-Tin ( The Fig )

Surah At-Tin ( The Fig ) - অসমীয়া Aya count 8

শপত চিনাই পৰ্বতৰ,
শপত এই নিৰাপদ (মক্কা) নগৰৰ,
নিশ্চয় আমি মানুহক সৰ্বোত্তম গঠনত সৃষ্টি কৰিছোঁ,
তাৰ পিছত আমি তাক হীনতাৰ একেবাৰে নিম্ন স্তৰত ওভতাই দিছোঁ,
কিন্তু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন প্ৰতিদান।
এতেকে (হে মানৱ!) ইয়াৰ পিছতো কিহে তোমাক কৰ্মফল দিন সম্পৰ্কে অবিশ্বাসী কৰি তুলে?
আল্লাহ বিচাৰকসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ বিচাৰক নহয়নে?
Share