Surah As-Sharh ( The Opening Forth)

Surah As-Sharh ( The Opening Forth) - অসমীয়া Aya count 8

আমি তোমাৰ (কল্যাণৰ) বাবে তোমাৰ বুকু প্ৰশস্ত কৰি দিয়া নাইনে?
আৰু আমি তোমাৰ পৰা তোমাৰ বোজা অপসাৰণ কৰা নাইনে?
যি বোজাই তোমাৰ পিঠি ভাঙি পেলাইছিল,
আৰু আমিয়েই তোমাৰ (মৰ্যাদা বৃদ্ধিৰ) বাবে তোমাৰ স্মৰণক সমুন্নত কৰিছোঁ।
এতেকে দুখৰ লগতেই আছে সুখ
নিশ্চয় দুখৰ লগতেই আছে সুখ।
এতেকে যেতিয়াই তুমি অৱসৰ পোৱা তেতিয়াই কঠোৰ ইবাদতত আত্মনিয়োগ কৰা।
আৰু তোমাৰ প্ৰতিপালকৰ প্ৰতি গভীৰ মনোযোগী হোৱা।
Share