Surah Al-Inshiqaq (The Splitting Asunder)

Surah Al-Inshiqaq (The Splitting Asunder) - অসমীয়া Aya count 25

যেতিয়া আকাশখন ভাগি পৰিব,
আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে হৈছে তাৰ কৰ্তব্য।
আৰু যেতিয়া পৃথিৱীক সম্প্ৰসাৰিত কৰা হ’ব।
আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা সকলোবোৰ বাহিৰলৈ নিক্ষেপ কৰিব আৰু ই গৰ্ভশূন্য হৈ পৰিব।
আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে হৈছে তাৰ কৰ্তব্য।
হে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ যোৱাৰ আগলৈকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তাৰ পিছতহে তুমি তেওঁৰ সাক্ষাৎ লাভ কৰিব পাৰিবা।
এতেকে যাৰ আমলনামা তাৰ সোঁহাতত দিয়া হ’ব;
অত্যন্ত সহজভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব।
আৰু তেওঁ তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব;
আৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব,
সি নিজৰ বাবে ধ্বংস মাতিব;
আৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব;
নিশ্চয় সি নিজৰ পৰিয়াল বৰ্গৰ মাজত আনন্দ ফুৰ্তিত আছিল,
নিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব;
কিয় নাযাব, নিশ্চয় তাৰ প্ৰতিপালক তাৰ ওপৰত সম্যক দৃষ্টি দানকাৰী।
এতেকে মই শপত কৰিছোঁ পশ্চিম আকাশৰ ৰঙা কিৰণৰ,
ৰাতিৰ শপত আৰু ই যিবোৰৰ সমাবেশ ঘটায়,
আৰু চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰে;
নিশ্চয় তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আৰোহণ কৰিবা।
কিন্তু সিহঁতৰ কি হ’ল, সিহঁতে ঈমান পোষণ নকৰে কিয়?
আৰু যেতিয়া সিহঁতৰ ওচৰত কোৰআন তিলাৱাত কৰা হয় তেতিয়া সিহঁতে ছাজদা নকৰে কিয়?
বৰং কাফিৰসকলে অস্বীকাৰ কৰে।
আৰু সিহঁতে (অন্তৰত) যি পোষণ কৰে আল্লাহে সেই বিষয়ে সবিশেষ অৱগত।
সেয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া;
কিন্তু যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন প্ৰতিদান।
Share