সিহঁতে কি বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে?
মহা সংবাদটোৰ বিষয়ে (নেকি?),
যি বিষয়ে সিহঁতে মতানৈক্য কৰিছে।
কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।
তাৰ পিছত, কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।
আমি পৃথিৱীখনক শয্যা বনোৱা নাইনে?
আৰু আমি তোমালোকক সৃষ্টি কৰিছো যোৰা-যোৰা।
আৰু তোমালোকৰ টোপনিক কৰি দিছোঁ বিশ্ৰাম।
আৰু ৰাতিক কৰি দিছোঁ আৱৰণ।
আৰু দিনক কৰি দিছোঁ জীৱিকা উপাৰ্জনৰ উপযোগী।
আৰু আমি তোমালোকৰ ওপৰত নিৰ্মান কৰিছোঁ সুদৃঢ় সাতখন আকাশ।
আৰু আমি সৃষ্টি কৰিছোঁ এটি উজ্জল প্ৰদীপ।
আৰু আমি বৰ্ষণ কৰিছোঁ মেঘমালাৰ পৰা প্ৰচুৰ পানী।
যাতে তাৰ দ্বাৰা আমি উৎপন্ন কৰিব পাৰোঁ শস্য আৰু উদ্ভিদ।
লগতে ঘন সন্নিবিষ্ট উদ্যান।
নিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ দিন।
সেইদিনা শিঙাত ফুঁ দিয়া হ’ব তেতিয়া তোমালোকে দলে দলে আহিবা।
আৰু আকাশখন খুলি দিয়া হ’ব, ফলত ই হ’ব বহু দুৱাৰবিশিষ্ট।
আৰু পৰ্বতসমূহক চালিত কৰা হ’ব, ফলত সেইবোৰ হৈ যাব বালিময় মৰীচিকাৰ দৰে।
নিশ্চয় জাহান্নাম খাপ পাতি ৰৈ আছে।
সীমালংঘনকাৰীসকলৰ বাবে প্ৰত্যাৱৰ্তনস্থল হিচাপে।
তাত সিহঁতে যুগ যুগ ধৰি অৱস্থান কৰিব।
তাত সিহঁতে শীতল (বস্তুৰ) সোৱাদ গ্ৰহণ কৰিব নোৱাৰিব, লগতে উপযুক্ত পানীও নাপাব।
উতলা পানী আৰু দুৰ্গন্ধময় পুঁজৰ বাহিৰে।
এইটোৱেই (সিহঁতৰ) উপযুক্ত প্ৰতিফল।
নিশ্চয় সিহঁতে কেতিয়াও হিচাব-নিকাচৰ আশা কৰা নাছিল।
আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক কঠোৰভাৱে মিথ্যাৰোপ কৰিছিল।
আৰু আমি প্ৰতিটো বস্তু লিখিতভাৱে সংৰক্ষণ কৰি ৰাখিছোঁ।
এতেকে ভোগ কৰা, আমি তোমালোকৰ বাবে শাস্তিৰ বাহিৰে আন একো বৃদ্ধি নকৰোঁ।
নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে সফলতা।
উদ্যানসমূহ আৰু নানা ধৰণৰ আঙুৰ।
আৰু সমবয়সীয়া উদ্ভিন্ন নৱ-যুৱতী তৰুণী।
তাত তেওঁলোকে কোনো অনৰ্থক কথা আৰু মিছা বাক্যও শুনা নাপাব।
(এয়া হ’ব তেওঁলোকৰ বাবে) আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা পুৰস্কাৰ, যথোচিত দান।
যিজন আকাশসমূহ আৰু পৃথিৱী তথা এই দুয়োৰে মাজত থকা সকলোৰে প্ৰতিপালক, পৰম কৰুণাময়, তেওঁৰ ওচৰত আবেদন-নিবেদন কৰিব পৰা শক্তি সিহঁতৰ কাৰো নাথাকিব।
সেইদিনা ৰূহ আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে থিয় হ’ব; ৰহমানে যাক অনুমতি দিব তাৰ বাহিৰে কোনেও কথা ক’ব নোৱাৰিব, আৰু তেওঁ সঠিক কথাহে ক’ব।
এই দিৱসটো সত্য, এতেকে যাৰ ইচ্ছা সি তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক।
নিশ্চয় আমি তোমালোকক অতি নিকটৱৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলোঁ। যিদিনা মানুহে নিজৰ কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক’ব, হায়! মই যদি মাটিত পৰিণত হ'লোঁহেঁতেন।