Surah At-Tahrim ( The Prohibition ) - Aya 8

Surah At-Tahrim ( The Prohibition ) - অসমীয়া - Aya 8 Aya count 12

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ تُوبُوٓا۟ إِلَى ٱللَّهِ تَوْبَةًۭ نَّصُوحًا عَسَىٰ رَبُّكُمْ أَن يُكَفِّرَ عَنكُمْ سَيِّـَٔاتِكُمْ وَيُدْخِلَكُمْ جَنَّٰتٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ يَوْمَ لَا يُخْزِى ٱللَّهُ ٱلنَّبِىَّ وَٱلَّذِينَ ءَامَنُوا۟ مَعَهُۥ ۖ نُورُهُمْ يَسْعَىٰ بَيْنَ أَيْدِيهِمْ وَبِأَيْمَٰنِهِمْ يَقُولُونَ رَبَّنَآ أَتْمِمْ لَنَا نُورَنَا وَٱغْفِرْ لَنَآ ۖ إِنَّكَ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌۭ ﴿٨﴾
হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ ওচৰত তাওবা কৰা-- বিশুদ্ধ তাওবা; আশা কৰা যায় তোমালোকৰ প্ৰতিপালকে তোমালোকৰ পাপসমূহ মোচন কৰি দিব আৰু তোমালোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত। সেইদিনা আল্লাহে নবীক আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক লাঞ্ছিত নকৰিব। তেওঁলোকৰ নূৰ তেওঁলোকৰ সন্মুখত আৰু সোঁহাতে ধাৱিত হ’ব। তেওঁলোকে ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমাৰ বাবে আমাৰ নূৰক পূৰ্ণতা দান কৰা আৰু আমাক ক্ষমা কৰি দিয়া, নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাৱান’।
Share