وَٱلَّذِينَ ءَامَنُوا۟ بِٱللَّهِ وَرُسُلِهِۦٓ أُو۟لَٰٓئِكَ هُمُ ٱلصِّدِّيقُونَ ۖ وَٱلشُّهَدَآءُ عِندَ رَبِّهِمْ لَهُمْ أَجْرُهُمْ وَنُورُهُمْ ۖ وَٱلَّذِينَ كَفَرُوا۟ وَكَذَّبُوا۟ بِـَٔايَٰتِنَآ أُو۟لَٰٓئِكَ أَصْحَٰبُ ٱلْجَحِيمِ ﴿١٩﴾
আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে, তেওঁলোকেই নিজ প্ৰতিপালকৰ ওচৰত ছিদ্দীক্ব আৰু শ্বহীদ (বুলি বিবেচিত)। তেওঁলোকৰ বাবে আছে তেওঁলোকৰ প্ৰাপ্য পুৰস্কাৰ আৰু নূৰ; আনহাতে যিসকলে কুফৰী কৰিছে আৰু আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী।