Surah An-Nisa ( The Women ) - Aya 157

Surah An-Nisa ( The Women ) - অসমীয়া - Aya 157 Aya count 176

وَقَوْلِهِمْ إِنَّا قَتَلْنَا ٱلْمَسِيحَ عِيسَى ٱبْنَ مَرْيَمَ رَسُولَ ٱللَّهِ وَمَا قَتَلُوهُ وَمَا صَلَبُوهُ وَلَٰكِن شُبِّهَ لَهُمْ ۚ وَإِنَّ ٱلَّذِينَ ٱخْتَلَفُوا۟ فِيهِ لَفِى شَكٍّۢ مِّنْهُ ۚ مَا لَهُم بِهِۦ مِنْ عِلْمٍ إِلَّا ٱتِّبَاعَ ٱلظَّنِّ ۚ وَمَا قَتَلُوهُ يَقِينًۢا ﴿١٥٧﴾
লগতে সিহঁতৰ এই উক্তিৰ কাৰণে (অভিশপ্ত হৈছিল) যে, আমিয়েই আল্লাহৰ ৰাছুল মাৰয়ামৰ পুত্ৰ ঈছাক হত্যা কৰিছিলোঁ। অথচ সিহঁতে তেওঁক হত্যাও কৰা নাই আৰু ক্ৰুছবিদ্ধও কৰা নাছিল; বৰং সিহঁতৰ বাবে (বেলেগ এজন লোকক) তেওঁৰ সদৃশ কৰি দিয়া হৈছিল। নিশ্চয় যিসকলে তেওঁৰ বিষয়ে মতভেদ কৰিছিল, সিহঁত এই বিষয়ে সন্দেহত আছিল; এই বিষয়ে অনুমানৰ বাহিৰে সিহঁতৰ ওচৰত কোনো জ্ঞানেই নাই। এইটো নিশ্চিত যে সিহঁতে তেওঁক হত্যা কৰা নাছিল।
Share