وَإِذَا لَقُوا۟ ٱلَّذِينَ ءَامَنُوا۟ قَالُوٓا۟ ءَامَنَّا وَإِذَا خَلَا بَعْضُهُمْ إِلَىٰ بَعْضٍۢ قَالُوٓا۟ أَتُحَدِّثُونَهُم بِمَا فَتَحَ ٱللَّهُ عَلَيْكُمْ لِيُحَآجُّوكُم بِهِۦ عِندَ رَبِّكُمْ ۚ أَفَلَا تَعْقِلُونَ ﴿٧٦﴾
আৰু যেতিয়া সিহঁতে মুমিনসকলৰ লগত সাক্ষাৎ কৰে তেতিয়া কয়, 'আমি ঈমান আনিছোঁ'। আকৌ যেতিয়া সিহঁতে গোপনে ইজনে সিজনৰ লগত মিলিত হয় তেতিয়া কয়, 'তোমালোকে সিহঁতৰ লগত সেই কথাবোৰ কিয় আলোচনা কৰা যিবোৰ আল্লাহে তোমালোকৰ ওচৰত উন্মুক্ত কৰি দিছে; সিহঁতে ইয়াৰ দ্বাৰা তোমালোকৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বিৰুদ্ধে প্ৰমাণ দাঙি ধৰিব সেইটো তোমালোকে বুজি নোপোৱা নেকি'?