قَالَ إِنَّهُۥ يَقُولُ إِنَّهَا بَقَرَةٌۭ لَّا ذَلُولٌۭ تُثِيرُ ٱلْأَرْضَ وَلَا تَسْقِى ٱلْحَرْثَ مُسَلَّمَةٌۭ لَّا شِيَةَ فِيهَا ۚ قَالُوا۟ ٱلْـَٰٔنَ جِئْتَ بِٱلْحَقِّ ۚ فَذَبَحُوهَا وَمَا كَادُوا۟ يَفْعَلُونَ ﴿٧١﴾
মুছাই ক’লে, ‘তেওঁ কৈছে, সেইজনী এনেকুৱা গাই, যিজনীক মাটি চহাবলৈ বা খেতিত পানী দিবলৈ ব্যৱহাৰ কৰা হোৱা নাই, সুস্থ আৰু নিখুঁত’। সিহঁতে ক’লে, ‘এতিয়া তুমি সত্য লৈ আহিছা’। অৱশেষত সিহঁতে গাইজনীক জবেহ কৰিলে, যদিও সিহঁতে সেয়া কৰিবলৈ প্ৰস্তুত নাছিল।