Surah Al-Baqarah ( The Cow ) - Aya 286

Surah Al-Baqarah ( The Cow ) - অসমীয়া - Aya 286 Aya count 286

لَا يُكَلِّفُ ٱللَّهُ نَفْسًا إِلَّا وُسْعَهَا ۚ لَهَا مَا كَسَبَتْ وَعَلَيْهَا مَا ٱكْتَسَبَتْ ۗ رَبَّنَا لَا تُؤَاخِذْنَآ إِن نَّسِينَآ أَوْ أَخْطَأْنَا ۚ رَبَّنَا وَلَا تَحْمِلْ عَلَيْنَآ إِصْرًۭا كَمَا حَمَلْتَهُۥ عَلَى ٱلَّذِينَ مِن قَبْلِنَا ۚ رَبَّنَا وَلَا تُحَمِّلْنَا مَا لَا طَاقَةَ لَنَا بِهِۦ ۖ وَٱعْفُ عَنَّا وَٱغْفِرْ لَنَا وَٱرْحَمْنَآ ۚ أَنتَ مَوْلَىٰنَا فَٱنصُرْنَا عَلَى ٱلْقَوْمِ ٱلْكَٰفِرِينَ ﴿٢٨٦﴾
আল্লাহে কাকো তাৰ সামৰ্থৰ বাহিৰত কোনো দায়িত্ব নিদিয়ে। যিয়ে ভাল উপাৰ্জন কৰিব তাৰ প্ৰতিফল সি নিজে পাব, আৰু যিয়ে বেয়া উপাৰ্জন কৰিব তাৰ প্ৰতিফলো সি নিজেই ভোগ কৰিব। হে আমাৰ প্ৰতিপালক! যদি আমি বিস্মৃত হওঁ অথবা ভুল কৰোঁ তেন্তে তুমি আমাক অপৰাধ নধৰিবা। হে আমাৰ প্ৰতিপালক! আমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত যেনেকৈ তুমি বোজা অৰ্পণ কৰিছিলা আমাৰ ওপৰত তেনেকুৱা বোজা অৰ্পণ নকৰিবা। হে আমাৰ প্ৰতিপালক! তুমি আমাক এনেকুৱা বোজা বহন নকৰাবা যিটো বহন কৰাৰ সামৰ্থ আমাৰ নাই; আৰু তুমি আমাৰ পাপ মোচন কৰি দিয়া, আমাক ক্ষমা কৰি দিয়া, আমাৰ প্ৰতি দয়া কৰা, তুমিয়েই আমাৰ অভিভাৱক। গতিকে কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা।
Share