Surah Al-Baqarah ( The Cow ) - Aya 275

Surah Al-Baqarah ( The Cow ) - অসমীয়া - Aya 275 Aya count 286

ٱلَّذِينَ يَأْكُلُونَ ٱلرِّبَوٰا۟ لَا يَقُومُونَ إِلَّا كَمَا يَقُومُ ٱلَّذِى يَتَخَبَّطُهُ ٱلشَّيْطَٰنُ مِنَ ٱلْمَسِّ ۚ ذَٰلِكَ بِأَنَّهُمْ قَالُوٓا۟ إِنَّمَا ٱلْبَيْعُ مِثْلُ ٱلرِّبَوٰا۟ ۗ وَأَحَلَّ ٱللَّهُ ٱلْبَيْعَ وَحَرَّمَ ٱلرِّبَوٰا۟ ۚ فَمَن جَآءَهُۥ مَوْعِظَةٌۭ مِّن رَّبِّهِۦ فَٱنتَهَىٰ فَلَهُۥ مَا سَلَفَ وَأَمْرُهُۥٓ إِلَى ٱللَّهِ ۖ وَمَنْ عَادَ فَأُو۟لَٰٓئِكَ أَصْحَٰبُ ٱلنَّارِ ۖ هُمْ فِيهَا خَٰلِدُونَ ﴿٢٧٥﴾
যিসকলে সুত খায়, সিহঁতে সেই ব্যক্তিৰ দৰেই (কবৰৰ পৰা) উঠিব, যাক চয়তানে স্পৰ্শ কৰি বলিয়া বনাইছে। এইটো এইকাৰণে যে, সিহঁতে কয়, ব্যৱসায়-বাণিজ্যও দেখোন সুতৰ দৰেই। অথচ আল্লাহে ব্যৱসায়.-বাণিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে। এতেকে যাৰ ওচৰত তেওঁৰ প্ৰতিপালকৰ উপদেশ আহি পাইছে, তাৰ পিছত সি (সুত খোৱাৰ পৰা) বিৰত হৈছে, গতিকে (নিষিদ্ধ হোৱাৰ পূৰ্বে) যি অতীত হৈছে সেইটো হৈছেই; তাৰ হিচাপ নিকাচ আল্লাহৰ অধীনত; আনহাতে যিসকলে অমান্য কৰি উভতি যাব (অৰ্থাৎ পুনৰ সুত খাব) সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব।
Share