Surah Al-Baqarah ( The Cow ) - Aya 273
Surah Al-Baqarah ( The Cow ) - অসমীয়া - Aya 273 Aya count 286
لِلْفُقَرَآءِ ٱلَّذِينَ أُحْصِرُوا۟ فِى سَبِيلِ ٱللَّهِ لَا يَسْتَطِيعُونَ ضَرْبًۭا فِى ٱلْأَرْضِ يَحْسَبُهُمُ ٱلْجَاهِلُ أَغْنِيَآءَ مِنَ ٱلتَّعَفُّفِ تَعْرِفُهُم بِسِيمَٰهُمْ لَا يَسْـَٔلُونَ ٱلنَّاسَ إِلْحَافًۭا ۗ وَمَا تُنفِقُوا۟ مِنْ خَيْرٍۢ فَإِنَّ ٱللَّهَ بِهِۦ عَلِيمٌ ﴿٢٧٣﴾
(চাদাকা হৈছে) সেইসকল অভাৱগ্ৰস্থ লোকৰ প্ৰাপ্য, যিসকলে আল্লাহৰ পথত এনেকৈ ব্যাপৃত যে, (জীৱিকাৰ সন্ধানত) পৃথিৱীত চলা ফুৰা কৰিব নোৱাৰে; আত্মসন্মানবোধৰ বাবে তেওঁলোকে আনৰ ওচৰত খুজি নোখোৱাৰ কাৰণে অজ্ঞ লোকসকলে তেওঁলোকক অভাৱমুক্ত বুলি ধাৰণা কৰে; তুমি তেওঁলোকৰ লক্ষণ দেখিয়ে চিনিব পাৰিবা। তেওঁলোকে মানুহৰ পাছে পাছে গৈ ব্যাকুলভাৱে সহায় ভিক্ষা কৰি নুফুৰে; আৰু যি ধন-সম্পদ তোমালোকে দান কৰা, নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ জানে।