Surah Al-Baqarah ( The Cow ) - Aya 272

Surah Al-Baqarah ( The Cow ) - অসমীয়া - Aya 272 Aya count 286

۞ لَّيْسَ عَلَيْكَ هُدَىٰهُمْ وَلَٰكِنَّ ٱللَّهَ يَهْدِى مَن يَشَآءُ ۗ وَمَا تُنفِقُوا۟ مِنْ خَيْرٍۢ فَلِأَنفُسِكُمْ ۚ وَمَا تُنفِقُونَ إِلَّا ٱبْتِغَآءَ وَجْهِ ٱللَّهِ ۚ وَمَا تُنفِقُوا۟ مِنْ خَيْرٍۢ يُوَفَّ إِلَيْكُمْ وَأَنتُمْ لَا تُظْلَمُونَ ﴿٢٧٢﴾
সিহঁতক হিদায়ত প্ৰদানৰ দায়িত্ব তোমাৰ নহয়; বৰং আল্লাহে যাক ইচ্ছা কৰে হিদায়ত দিয়ে; তোমালোকে যি ধন-সম্পদ দান কৰা সেইটো কেৱল তোমালোকৰ নিজৰ বাবেই উপকাৰী। এতেকে তোমালোকে কেৱল আল্লাহৰ (সন্তুষ্টি অৰ্জনৰ) বাবেই দান কৰা; আৰু তোমালোকে উত্তম কোনো বস্তু দান কৰিলে তাৰ পুৰস্কাৰ তোমালোকক পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ'ব আৰু তোমালোকৰ প্ৰতি অন্যায় কৰা নহ’ব।
Share