Surah Al-Baqarah ( The Cow ) - Aya 260

Surah Al-Baqarah ( The Cow ) - অসমীয়া - Aya 260 Aya count 286

وَإِذْ قَالَ إِبْرَٰهِۦمُ رَبِّ أَرِنِى كَيْفَ تُحْىِ ٱلْمَوْتَىٰ ۖ قَالَ أَوَلَمْ تُؤْمِن ۖ قَالَ بَلَىٰ وَلَٰكِن لِّيَطْمَئِنَّ قَلْبِى ۖ قَالَ فَخُذْ أَرْبَعَةًۭ مِّنَ ٱلطَّيْرِ فَصُرْهُنَّ إِلَيْكَ ثُمَّ ٱجْعَلْ عَلَىٰ كُلِّ جَبَلٍۢ مِّنْهُنَّ جُزْءًۭا ثُمَّ ٱدْعُهُنَّ يَأْتِينَكَ سَعْيًۭا ۚ وَٱعْلَمْ أَنَّ ٱللَّهَ عَزِيزٌ حَكِيمٌۭ ﴿٢٦٠﴾
আৰু যেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি কেনেকৈ মৃতক জীৱিত কৰা মোক দেখুৱাই দিয়া’, তেওঁ ক’লে, ‘তেন্তে তুমি বিশ্বাস কৰা নাই নেকি’? ইব্ৰাহীমে ক’লে, ‘নিশ্চয় কৰোঁ, কিন্তু মোৰ মনৰ প্ৰশান্তিৰ বাবে (চাব বিচাৰোঁ)’, আল্লাহে ক’লে, ‘তেন্তে চাৰিটা চৰাই লোৱা আৰু সেইবোৰক পোহ মনাই লোৱা (যাতে মাতিলেই তোমাৰ ওচৰলৈ আহে)। তাৰ পিছত সেইবোৰৰ টুকুৰা-টুকুৰ কৰি এটা এটা ভাগ প্ৰত্যেক পাহাৰত স্থাপন কৰা। তাৰ পিছত সেইবোৰক মাতা, (চাবা) সেইবোৰ তোমাৰ ওচৰলৈ দ্ৰুতগতিত গুচি আহিব, আৰু জানি থোৱা, নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।
Share