Surah Al-Baqarah ( The Cow ) - Aya 258

Surah Al-Baqarah ( The Cow ) - অসমীয়া - Aya 258 Aya count 286

أَلَمْ تَرَ إِلَى ٱلَّذِى حَآجَّ إِبْرَٰهِۦمَ فِى رَبِّهِۦٓ أَنْ ءَاتَىٰهُ ٱللَّهُ ٱلْمُلْكَ إِذْ قَالَ إِبْرَٰهِۦمُ رَبِّىَ ٱلَّذِى يُحْىِۦ وَيُمِيتُ قَالَ أَنَا۠ أُحْىِۦ وَأُمِيتُ ۖ قَالَ إِبْرَٰهِۦمُ فَإِنَّ ٱللَّهَ يَأْتِى بِٱلشَّمْسِ مِنَ ٱلْمَشْرِقِ فَأْتِ بِهَا مِنَ ٱلْمَغْرِبِ فَبُهِتَ ٱلَّذِى كَفَرَ ۗ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلظَّٰلِمِينَ ﴿٢٥٨﴾
তুমি সেইজন ব্যক্তিৰ (নমৰূদৰ) কথা ভাৱি চোৱা নাইনে? যিয়ে ইব্ৰাহীমৰ লগত তেওঁৰ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছিল, যিহেতু আল্লাহে তাক ৰাজত্ব প্ৰদান কৰিছিল। যেতিয়া ইব্ৰাহীমে ক’লে, ‘তেওঁ হৈছে মোৰ প্ৰতিপালক, যিজনে জীৱন দান কৰে আৰু মৃত্যু প্ৰদান কৰে’, সি ক’লে, ‘ময়ো জীৱন দান কৰোঁ আৰু মৃত্যু ঘটাওঁ’। ইব্ৰাহীমে ক’লে, ‘নিশ্চয় আল্লাহে সূৰ্যক পূৱৰ পৰা উদয় কৰে, তুমি ইয়াক পশ্চিমৰ পৰা উদয় কৰি দেখুওৱাচোন’। ফলত কাফিৰজন বুদ্ধিহীন হৈ পৰিল; আৰু আল্লাহ যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
Share