Surah Al-Baqarah ( The Cow ) - Aya 248
Surah Al-Baqarah ( The Cow ) - অসমীয়া - Aya 248 Aya count 286
وَقَالَ لَهُمْ نَبِيُّهُمْ إِنَّ ءَايَةَ مُلْكِهِۦٓ أَن يَأْتِيَكُمُ ٱلتَّابُوتُ فِيهِ سَكِينَةٌۭ مِّن رَّبِّكُمْ وَبَقِيَّةٌۭ مِّمَّا تَرَكَ ءَالُ مُوسَىٰ وَءَالُ هَٰرُونَ تَحْمِلُهُ ٱلْمَلَٰٓئِكَةُ ۚ إِنَّ فِى ذَٰلِكَ لَءَايَةًۭ لَّكُمْ إِن كُنتُم مُّؤْمِنِينَ ﴿٢٤٨﴾
সিহঁতৰ নবীয়ে সিহঁতক এই কথাও কৈছিল যে, ‘তাৰ ৰাজত্বৰ নিদৰ্শন হ’ব এই যে, তোমালোকৰ ওচৰলৈ তাবূত (চন্দুক) আহিব য’ত থাকিব তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰশান্তি লগতে তাত থাকিব কিছু পৰিত্যক্ত আচবাব যিবোৰ মুছা আৰু হাৰূনৰ বংশধৰসকলে এৰি থৈ গৈছে; ফিৰিস্তাসকলে সেইটো বহন কৰি আনিব। যদি তোমালোকে মুমিন হোৱা, নিশ্চয় তোমালোকৰ বাবে ইয়াত আছে নিদৰ্শন’।