Surah Al-Baqarah ( The Cow ) - Aya 246
Surah Al-Baqarah ( The Cow ) - অসমীয়া - Aya 246 Aya count 286
أَلَمْ تَرَ إِلَى ٱلْمَلَإِ مِنۢ بَنِىٓ إِسْرَٰٓءِيلَ مِنۢ بَعْدِ مُوسَىٰٓ إِذْ قَالُوا۟ لِنَبِىٍّۢ لَّهُمُ ٱبْعَثْ لَنَا مَلِكًۭا نُّقَٰتِلْ فِى سَبِيلِ ٱللَّهِ ۖ قَالَ هَلْ عَسَيْتُمْ إِن كُتِبَ عَلَيْكُمُ ٱلْقِتَالُ أَلَّا تُقَٰتِلُوا۟ ۖ قَالُوا۟ وَمَا لَنَآ أَلَّا نُقَٰتِلَ فِى سَبِيلِ ٱللَّهِ وَقَدْ أُخْرِجْنَا مِن دِيَٰرِنَا وَأَبْنَآئِنَا ۖ فَلَمَّا كُتِبَ عَلَيْهِمُ ٱلْقِتَالُ تَوَلَّوْا۟ إِلَّا قَلِيلًۭا مِّنْهُمْ ۗ وَٱللَّهُ عَلِيمٌۢ بِٱلظَّٰلِمِينَ ﴿٢٤٦﴾
তুমি মুছাৰ পৰৱৰ্তী ইছৰাঈল বংশীয় নেতাসকলক দেখা নাইনে? সিহঁতে যেতিয়া সিহঁতৰ নবীক কৈছিল, ‘আমাৰ বাবে এজন ৰজা নিযুক্ত কৰি দিয়ক যাতে আমি আল্লাহৰ পথত যুদ্ধ কৰিব পাৰোঁ’, তেওঁ ক’লে, ‘এনেকুৱা নহয়তো যে, তোমালোকক যুদ্ধৰ বিধান দিয়া হ’লে তেতিয়া তোমালোকে আৰু যুদ্ধ নকৰিবা’? সিহঁতে ক’লে, ‘আমি যিহেতু নিজৰ আবাসভূমি আৰু নিজ সন্তান-সন্ততিৰ পৰা বহিষ্কৃত হৈছোঁ, তেতিয়াহ’লে আল্লাহৰ পথত কিয় যুদ্ধ নকৰিম’? এতেকে যেতিয়া সিহঁতৰ প্ৰতি যুদ্ধৰ বিধান দিয়া হ’ল তেতিয়া সিহঁতৰ কিছুমানৰ বাহিৰে আটায়ে পৃষ্ঠ প্ৰদৰ্শন কৰিলে; আৰু আল্লাহে যালিমসকলৰ বিষয়ে ভালকৈয়ে অৱগত।