Surah Al-Baqarah ( The Cow ) - Aya 231

Surah Al-Baqarah ( The Cow ) - অসমীয়া - Aya 231 Aya count 286

وَإِذَا طَلَّقْتُمُ ٱلنِّسَآءَ فَبَلَغْنَ أَجَلَهُنَّ فَأَمْسِكُوهُنَّ بِمَعْرُوفٍ أَوْ سَرِّحُوهُنَّ بِمَعْرُوفٍۢ ۚ وَلَا تُمْسِكُوهُنَّ ضِرَارًۭا لِّتَعْتَدُوا۟ ۚ وَمَن يَفْعَلْ ذَٰلِكَ فَقَدْ ظَلَمَ نَفْسَهُۥ ۚ وَلَا تَتَّخِذُوٓا۟ ءَايَٰتِ ٱللَّهِ هُزُوًۭا ۚ وَٱذْكُرُوا۟ نِعْمَتَ ٱللَّهِ عَلَيْكُمْ وَمَآ أَنزَلَ عَلَيْكُم مِّنَ ٱلْكِتَٰبِ وَٱلْحِكْمَةِ يَعِظُكُم بِهِۦ ۚ وَٱتَّقُوا۟ ٱللَّهَ وَٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ بِكُلِّ شَىْءٍ عَلِيمٌۭ ﴿٢٣١﴾
আৰু যেতিয়া তোমালোকে স্ত্ৰীক তালাক্ব দিবা, আৰু ইয়াৰ পিছত যেতিয়া সিহঁত ইদ্দত সম্পূৰ্ণ কৰাৰ নিকটৱৰ্তী হ’ব তেতিয়া তোমালোকে হ’লে বিধি অনুযায়ী সিহঁতক ৰাখি দিবা নাইবা বিধিমতে সিহঁতক এৰি দিবা। সিহঁতক ক্ষতি সাধন কৰিবলৈ সীমালংঘনৰ উদ্দেশ্যে সিহঁতক আটক কৰি নাৰাখিবা। যিয়ে এনেকুৱা কৰে, সি নিজৰ ওপৰতে অন্যায় কৰে; আৰু তোমালোকে আল্লাহৰ বিধি-বিধানক ঠাট্টা-বিদ্ৰূপৰ বিষয়ৰূপে গ্ৰহণ নকৰিবা; আৰু তোমালোকে আল্লাহৰ নিয়ামতসমূহক স্মৰণ কৰা যিবোৰ তেওঁ তোমালোকক দান কৰিছে লগতে তেওঁ তোমালোকৰ ওপৰত অৱতীৰ্ণ কৰিছে কিতাব আৰু হিকমত, যাৰ দ্বাৰা তেওঁ তোমালোকক উপদেশ দিয়ে; এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা, নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সুপৰিজ্ঞাত।
Share