Surah Al-Baqarah ( The Cow ) - Aya 230
Surah Al-Baqarah ( The Cow ) - অসমীয়া - Aya 230 Aya count 286
فَإِن طَلَّقَهَا فَلَا تَحِلُّ لَهُۥ مِنۢ بَعْدُ حَتَّىٰ تَنكِحَ زَوْجًا غَيْرَهُۥ ۗ فَإِن طَلَّقَهَا فَلَا جُنَاحَ عَلَيْهِمَآ أَن يَتَرَاجَعَآ إِن ظَنَّآ أَن يُقِيمَا حُدُودَ ٱللَّهِ ۗ وَتِلْكَ حُدُودُ ٱللَّهِ يُبَيِّنُهَا لِقَوْمٍۢ يَعْلَمُونَ ﴿٢٣٠﴾
এতেকে যদি সি স্ত্ৰীক (অন্তিম) তালাক্ব দিয়ে তেন্তে সেই স্ত্ৰী আৰু তাৰ বাবে হালাল নহ’ব, যেতিয়ালৈকে তাই আন এজন স্বামীৰ লগত মিলিত নহ’ব। তাৰ পিছত সি ( সেই দ্বিতীয় স্বামীয়ে) যদি তালাক দিয়ে আৰু ইপিনে সিহঁত উভয়ে (স্ত্ৰী আৰু প্ৰথম স্বামীয়ে যদি) অনুভৱ কৰে যে, সিহঁতে আল্লাহৰ সীমাৰেখা ৰক্ষা কৰিব পাৰিব, তেন্তে সিহঁতৰ পুনৰ মিলনত কাৰো একো অপৰাধ নহ’ব। এইবোৰ হৈছে আল্লাহৰ সীমাৰেখা, যিবোৰ তেওঁ স্পষ্টভাৱে এনে সম্প্ৰদায়ৰ বাবে বৰ্ণনা কৰে যিসকলে জানে।