Surah Al-Baqarah ( The Cow ) - Aya 229
Surah Al-Baqarah ( The Cow ) - অসমীয়া - Aya 229 Aya count 286
ٱلطَّلَٰقُ مَرَّتَانِ ۖ فَإِمْسَاكٌۢ بِمَعْرُوفٍ أَوْ تَسْرِيحٌۢ بِإِحْسَٰنٍۢ ۗ وَلَا يَحِلُّ لَكُمْ أَن تَأْخُذُوا۟ مِمَّآ ءَاتَيْتُمُوهُنَّ شَيْـًٔا إِلَّآ أَن يَخَافَآ أَلَّا يُقِيمَا حُدُودَ ٱللَّهِ ۖ فَإِنْ خِفْتُمْ أَلَّا يُقِيمَا حُدُودَ ٱللَّهِ فَلَا جُنَاحَ عَلَيْهِمَا فِيمَا ٱفْتَدَتْ بِهِۦ ۗ تِلْكَ حُدُودُ ٱللَّهِ فَلَا تَعْتَدُوهَا ۚ وَمَن يَتَعَدَّ حُدُودَ ٱللَّهِ فَأُو۟لَٰٓئِكَ هُمُ ٱلظَّٰلِمُونَ ﴿٢٢٩﴾
তালাক্ব হৈছে দুবাৰ। ইয়াৰ পিছত (স্ত্ৰীক) হ’লে বিধিমতে ৰাখি দিয়া, নহ’লে সদ্ভাৱে এৰি দিয়া; আৰু তোমালোকে তোমালোকৰ স্ত্ৰীসকলক যি প্ৰদান কৰিছা তাৰ পৰা কিবা ওভতাই লোৱাটো তোমালোকৰ বাবে বৈধ নহয়। কিন্তু যদি সিহঁত উভয়ৰে আশংকা হয় যে, সিহঁতে আল্লাহৰ সীমাৰেখা ৰক্ষা কৰিব নোৱাৰিব (তেন্তে বিষয়টো সুকীয়া)। এতেকে যদি তোমালোকে আশংকা কৰা যে, সিহঁতে আল্লাহৰ সীমাৰেখা ৰক্ষা কৰিব নোৱাৰিব, এনে অৱস্থাত স্ত্ৰীয়ে যদি কোনো বস্তুৰ বিনিময়ত নিজকে মুক্ত কৰি লয় তেন্তে কোনো অপৰাধ নহ’ব। এইবোৰ হৈছে আল্লাহৰ সীমাৰেখা, এতেকে তোমালোকে ইয়াক উলংঘন নকৰিবা; আৰু যিসকলে আল্লাহৰ সীমাৰেখা লংঘন কৰে সিহঁতেই হৈছে যালিম।