Surah Al-Baqarah ( The Cow ) - Aya 228
Surah Al-Baqarah ( The Cow ) - অসমীয়া - Aya 228 Aya count 286
وَٱلْمُطَلَّقَٰتُ يَتَرَبَّصْنَ بِأَنفُسِهِنَّ ثَلَٰثَةَ قُرُوٓءٍۢ ۚ وَلَا يَحِلُّ لَهُنَّ أَن يَكْتُمْنَ مَا خَلَقَ ٱللَّهُ فِىٓ أَرْحَامِهِنَّ إِن كُنَّ يُؤْمِنَّ بِٱللَّهِ وَٱلْيَوْمِ ٱلْءَاخِرِ ۚ وَبُعُولَتُهُنَّ أَحَقُّ بِرَدِّهِنَّ فِى ذَٰلِكَ إِنْ أَرَادُوٓا۟ إِصْلَٰحًۭا ۚ وَلَهُنَّ مِثْلُ ٱلَّذِى عَلَيْهِنَّ بِٱلْمَعْرُوفِ ۚ وَلِلرِّجَالِ عَلَيْهِنَّ دَرَجَةٌۭ ۗ وَٱللَّهُ عَزِيزٌ حَكِيمٌ ﴿٢٢٨﴾
আৰু তালাক্বপ্ৰাপ্তা স্ত্ৰীসকলে তিনি কুৰূলৈকে [1] অপেক্ষাত থাকিব, আৰু সিহঁতে যদি আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে তেন্তে সিহঁতৰ গৰ্ভাশয়ত আল্লাহে যি সৃষ্টি কৰিছে সেয়া গোপন কৰা সিহঁতৰ বাবে বৈধ নহয়; আৰু যদি সিহঁতে সংশোধন বিচাৰে তেন্তে এই সময়ছোৱাত পুনৰ গ্ৰহণ কৰাৰ বেছি অধিকাৰ হৈছে সিহঁতৰ স্বামীৰ; আৰু নাৰীসকলৰো তেনেকৈয়ে ন্যায়সংগত অধিকাৰ আছে যেনেকৈ সিহঁতৰ ওপৰত পুৰুষসকলৰ অধিকাৰ আছে; কিন্তু নাৰীসকলৰ ওপৰত পুৰুষসকলৰ মৰ্যাদা (কিছু পৰিমাণে বেছি) আছে; আল্লাহ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।