Surah Al-Baqarah ( The Cow ) - Aya 178

Surah Al-Baqarah ( The Cow ) - অসমীয়া - Aya 178 Aya count 286

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ كُتِبَ عَلَيْكُمُ ٱلْقِصَاصُ فِى ٱلْقَتْلَى ۖ ٱلْحُرُّ بِٱلْحُرِّ وَٱلْعَبْدُ بِٱلْعَبْدِ وَٱلْأُنثَىٰ بِٱلْأُنثَىٰ ۚ فَمَنْ عُفِىَ لَهُۥ مِنْ أَخِيهِ شَىْءٌۭ فَٱتِّبَاعٌۢ بِٱلْمَعْرُوفِ وَأَدَآءٌ إِلَيْهِ بِإِحْسَٰنٍۢ ۗ ذَٰلِكَ تَخْفِيفٌۭ مِّن رَّبِّكُمْ وَرَحْمَةٌۭ ۗ فَمَنِ ٱعْتَدَىٰ بَعْدَ ذَٰلِكَ فَلَهُۥ عَذَابٌ أَلِيمٌۭ ﴿١٧٨﴾
হে ঈমান্দাৰসকল! হত্যাৰ ক্ষেত্ৰত তোমালোকৰ ওপৰত কিচাচৰ (প্ৰতিশোধ গ্ৰহণৰ) বিধান ফৰজ কৰা হৈছে। স্বাধীন ব্যক্তিৰ পৰিৱৰ্তে স্বাধীন ব্যক্তি, ক্ৰীতদাসৰ পৰিৱৰ্তে ক্ৰীতদাস, নাৰীৰ পৰিৱৰ্তে নাৰী। কিন্তু তাৰ ভাতৃৰ ফালৰ পৰা ক্ষমা প্ৰদৰ্শন কৰা হ'লে যথাযথ বিধিৰ অনুসৰণ কৰি সততাৰ সৈতে তাৰ ৰক্তপণ আদায় কৰা কৰ্তব্য। এইটো হৈছে তোমালোকৰ প্ৰতিপালকৰ ফালৰ পৰা শিথিলতা আৰু অনুগ্ৰহ। এতেকে ইয়াৰ পিছতো যিয়ে সীমালংঘন কৰিব তাৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
Share