Surah Al-Baqarah ( The Cow ) - Aya 143
Surah Al-Baqarah ( The Cow ) - অসমীয়া - Aya 143 Aya count 286
وَكَذَٰلِكَ جَعَلْنَٰكُمْ أُمَّةًۭ وَسَطًۭا لِّتَكُونُوا۟ شُهَدَآءَ عَلَى ٱلنَّاسِ وَيَكُونَ ٱلرَّسُولُ عَلَيْكُمْ شَهِيدًۭا ۗ وَمَا جَعَلْنَا ٱلْقِبْلَةَ ٱلَّتِى كُنتَ عَلَيْهَآ إِلَّا لِنَعْلَمَ مَن يَتَّبِعُ ٱلرَّسُولَ مِمَّن يَنقَلِبُ عَلَىٰ عَقِبَيْهِ ۚ وَإِن كَانَتْ لَكَبِيرَةً إِلَّا عَلَى ٱلَّذِينَ هَدَى ٱللَّهُ ۗ وَمَا كَانَ ٱللَّهُ لِيُضِيعَ إِيمَٰنَكُمْ ۚ إِنَّ ٱللَّهَ بِٱلنَّاسِ لَرَءُوفٌۭ رَّحِيمٌۭ ﴿١٤٣﴾
আৰু এনেকৈ আমি তোমালোকক এটা মধ্যপন্থী জাতিত পৰিণত কৰিছোঁ, যাতে তোমালোক মানৱ জাতিৰ ওপৰত সাক্ষী হোৱা, আৰু ৰাছুলে তোমালোকৰ ওপৰত সাক্ষী হয়; আৰু তুমি ইমান দিনে যিটো কিবলাৰ অনুসৰণ কৰি আছিলা সেইটোক আমি এই উদ্দেশ্যে কিবলাত পৰিণত কৰিছিলোঁ, যাতে প্ৰকাশ কৰি দিব পাৰোঁ যে, কোনে ৰাছুলৰ অনুসৰণ কৰে আৰু কোনে পিছফালে উভতি যায়? আল্লাহে যিসকলক হিদায়ত কৰিছে সিহঁতৰ বাহিৰে আনৰ বাবে এইটো এটা নিশ্চিত কঠিন কাম। আল্লাহ এনেকুৱা নহয় যে, তোমাোলকৰ ঈমান ব্যৰ্থ কৰি দিব। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি সহানুভূতিশীল, পৰম দয়ালু।