Surah Al-Isra ( The Night Journey ) - Aya 7

Surah Al-Isra ( The Night Journey ) - অসমীয়া - Aya 7 Aya count 111

إِنْ أَحْسَنتُمْ أَحْسَنتُمْ لِأَنفُسِكُمْ ۖ وَإِنْ أَسَأْتُمْ فَلَهَا ۚ فَإِذَا جَآءَ وَعْدُ ٱلْءَاخِرَةِ لِيَسُۥٓـُٔوا۟ وُجُوهَكُمْ وَلِيَدْخُلُوا۟ ٱلْمَسْجِدَ كَمَا دَخَلُوهُ أَوَّلَ مَرَّةٍۢ وَلِيُتَبِّرُوا۟ مَا عَلَوْا۟ تَتْبِيرًا ﴿٧﴾
যদি তোমালোকে সৎকৰ্ম কৰা, তেন্তে সেয়া তোমালোকৰ নিজৰে উপকাৰ হ’ব আৰু যদি বেয়া কৰ্ম কৰা তেন্তে সেয়া তোমালোকৰে অপকাৰ হ’ব। তাৰ পিছত পৰৱৰ্তী নিৰ্ধাৰিত সময় উপস্থিত হোৱাত (মই মোৰ বান্দাসকলক প্ৰেৰণ কৰিলোঁ) তোমালোকৰ মুখমণ্ডলক কালিমাচ্ছন্ন কৰাৰ বাবে, প্ৰথমবাৰ সিহঁতে যেনেকৈ মছজিদত প্ৰৱেশ কৰিছিল আকৌ তেনেকৈ তাত প্ৰৱেশ কৰাৰ বাবে আৰু সিহঁতৰ কৰ্তৃত্বত যি আছিল তাক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ বাবে।
Share