وَلَا تَكُونُوا۟ كَٱلَّتِى نَقَضَتْ غَزْلَهَا مِنۢ بَعْدِ قُوَّةٍ أَنكَٰثًۭا تَتَّخِذُونَ أَيْمَٰنَكُمْ دَخَلًۢا بَيْنَكُمْ أَن تَكُونَ أُمَّةٌ هِىَ أَرْبَىٰ مِنْ أُمَّةٍ ۚ إِنَّمَا يَبْلُوكُمُ ٱللَّهُ بِهِۦ ۚ وَلَيُبَيِّنَنَّ لَكُمْ يَوْمَ ٱلْقِيَٰمَةِ مَا كُنتُمْ فِيهِ تَخْتَلِفُونَ ﴿٩٢﴾
তোমালোকে সেই নাৰীৰ দৰে নহ’বা, যি নাৰীয়ে মজবুতকৈ সূতা কটাৰ পিছত সেই সূতা তাই নিজেই টুকুৰা-টুকুৰ কৰি পেলায়। (কিয়নো) তোমালোকে তোমালোকৰ শপতক পৰস্পৰক প্ৰবঞ্চনা কৰাৰ বাবে ব্যৱহাৰ কৰি থাকা, যাতে এটা দলে আনটো দলতকৈ বেছি লাভৱান হয়। নিশ্চয় আল্লাহে ইয়াৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰে। অৱশ্যে আল্লাহে কিয়ামতৰ দিনা সেয়া তোমালোকৰ ওচৰত স্পষ্ট বৰ্ণনা কৰি দিব যি বিষয়ে তোমালোকে মতানৈক্য কৰিছা।