وَيَوْمَ نَبْعَثُ فِى كُلِّ أُمَّةٍۢ شَهِيدًا عَلَيْهِم مِّنْ أَنفُسِهِمْ ۖ وَجِئْنَا بِكَ شَهِيدًا عَلَىٰ هَٰٓؤُلَآءِ ۚ وَنَزَّلْنَا عَلَيْكَ ٱلْكِتَٰبَ تِبْيَٰنًۭا لِّكُلِّ شَىْءٍۢ وَهُدًۭى وَرَحْمَةًۭ وَبُشْرَىٰ لِلْمُسْلِمِينَ ﴿٨٩﴾
(আৰু স্মৰণ কৰা,) যিদিনা আমি প্ৰত্যেক উম্মতৰ পৰা, সিহঁতৰ মাজৰ পৰাই সিহঁতৰ বিৰুদ্ধে একো একোজনকৈ সাক্ষী উত্থিত কৰিম আৰু তোমাক আমি তেওঁলোকৰ ওপৰত সাক্ষীৰূপে লৈ আহিম; কাৰণ আমি তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছোঁ প্ৰত্যেক বিষয়ৰ স্পষ্ট ব্যাখ্যা হিচাপে, লগতে মুছলিমসকলৰ বাবে পথ নিৰ্দেশ, ৰহমত আৰু সুসংবাদস্বৰূপে।