وَإِذَا رَءَا ٱلَّذِينَ أَشْرَكُوا۟ شُرَكَآءَهُمْ قَالُوا۟ رَبَّنَا هَٰٓؤُلَآءِ شُرَكَآؤُنَا ٱلَّذِينَ كُنَّا نَدْعُوا۟ مِن دُونِكَ ۖ فَأَلْقَوْا۟ إِلَيْهِمُ ٱلْقَوْلَ إِنَّكُمْ لَكَٰذِبُونَ ﴿٨٦﴾
আৰু মুশ্বৰিকবিলাকে যেতিয়া সিহঁতৰ অংশীদাৰসকলক দেখিব তেতিয়া সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! ইহঁতেই হৈছে সেইসকল লোক যিসকলক আমি তোমাৰ অংশী কৰিছিলোঁ, যিসকলক তোমাৰ পৰিবৰ্তে আমি আহ্বান কৰিছিলোঁ’; তেতিয়া অংশীসকলে এই কথা মুশ্বৰিকসকলৰ পিনে ওভতাই দি ক’ব, ‘নিশ্চয় তোমালোক হৈছা মিছলীয়া’।