وَٱللَّهُ جَعَلَ لَكُم مِّنۢ بُيُوتِكُمْ سَكَنًۭا وَجَعَلَ لَكُم مِّن جُلُودِ ٱلْأَنْعَٰمِ بُيُوتًۭا تَسْتَخِفُّونَهَا يَوْمَ ظَعْنِكُمْ وَيَوْمَ إِقَامَتِكُمْ ۙ وَمِنْ أَصْوَافِهَا وَأَوْبَارِهَا وَأَشْعَارِهَآ أَثَٰثًۭا وَمَتَٰعًا إِلَىٰ حِينٍۢ ﴿٨٠﴾
আৰু আল্লাহে তোমালোকৰ গৃহসমূহক তোমালোকৰ বাবে আবাসস্থল বনাইছে আৰু তেৱেঁই তোমালোকৰ বাবে পশুৰ চামৰাৰে ঘৰ, তম্বুৰ ব্যৱস্থা কৰিছে, তোমালোকে সেইটোক ভ্ৰমণকালত আৰু অৱস্থানকালত সহজেই স্থানান্তৰ কৰিব পাৰা। (তেৱেঁই ব্যৱস্থা কৰিছে) সেইবোৰৰ পচম, নোম আৰু চুলিৰ পৰা প্ৰস্তুত কৰিব পৰা কিছু কালৰ বাবে গৃহ-সামগ্ৰী আৰু ব্যৱহাৰিক-উপকৰণ।