وَضَرَبَ ٱللَّهُ مَثَلًۭا قَرْيَةًۭ كَانَتْ ءَامِنَةًۭ مُّطْمَئِنَّةًۭ يَأْتِيهَا رِزْقُهَا رَغَدًۭا مِّن كُلِّ مَكَانٍۢ فَكَفَرَتْ بِأَنْعُمِ ٱللَّهِ فَأَذَٰقَهَا ٱللَّهُ لِبَاسَ ٱلْجُوعِ وَٱلْخَوْفِ بِمَا كَانُوا۟ يَصْنَعُونَ ﴿١١٢﴾
আৰু আল্লাহে উপমা দাঙি ধৰিছে এটা জনপদৰ যিটো আছিল নিৰাপদ আৰু নিশ্চিন্ত, য’ত কেউফালৰ পৰা তাৰ বাবে প্ৰচুৰ জীৱনোপকৰণ আহিছিল। তথাপিও সেই জনপদবাসীয়ে আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰিছিল, ফলত আল্লাহে সিহঁতক ক্ষুধা আৰু আতংকৰ আৱৰণ জাপি দি সিহঁতৰ কৃতকৰ্মৰ সোৱাদ গ্ৰহণ কৰাইছিল।