وَيَٰقَوْمِ ٱعْمَلُوا۟ عَلَىٰ مَكَانَتِكُمْ إِنِّى عَٰمِلٌۭ ۖ سَوْفَ تَعْلَمُونَ مَن يَأْتِيهِ عَذَابٌۭ يُخْزِيهِ وَمَنْ هُوَ كَٰذِبٌۭ ۖ وَٱرْتَقِبُوٓا۟ إِنِّى مَعَكُمْ رَقِيبٌۭ ﴿٩٣﴾
‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ নিজ অৱস্থানত কাম কৰি যোৱা, ময়ো মোৰ কাম কৰি আছোঁ। তোমালোকে শীঘ্ৰেই জানিব পাৰিবা কাৰ ওপৰত আহিব লাঞ্ছনাদায়ক শাস্তি আৰু কোন হৈছে মিছলীয়া। এতেকে তোমালোকে প্ৰতীক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছোঁ।