أَلَآ إِنَّهُمْ يَثْنُونَ صُدُورَهُمْ لِيَسْتَخْفُوا۟ مِنْهُ ۚ أَلَا حِينَ يَسْتَغْشُونَ ثِيَابَهُمْ يَعْلَمُ مَا يُسِرُّونَ وَمَا يُعْلِنُونَ ۚ إِنَّهُۥ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ ﴿٥﴾
জানি থোৱা! সিহঁতে তেওঁৰ পৰা লুকাবলৈ নিজৰ বুকু জপাই ৰাখে। জানি থোৱা! সিহঁতে যেতিয়া নিজকে বস্ত্ৰৰ দ্বাৰা আচ্ছাদিত কৰে তেতিয়া সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, তেওঁ সেয়াও জানে। অন্তৰত যি আছে, নিশ্চয় তেওঁ সেই বিষয়ে সবিশেষ অৱগত।