وَيَصْنَعُ ٱلْفُلْكَ وَكُلَّمَا مَرَّ عَلَيْهِ مَلَأٌۭ مِّن قَوْمِهِۦ سَخِرُوا۟ مِنْهُ ۚ قَالَ إِن تَسْخَرُوا۟ مِنَّا فَإِنَّا نَسْخَرُ مِنكُمْ كَمَا تَسْخَرُونَ ﴿٣٨﴾
আৰু তেওঁ নাও নিৰ্মাণ কৰিবলৈ ধৰিলে, যেতিয়াই তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে তেওঁৰ ওচৰেদি পাৰ হৈছিল, তেতিয়াই তেওঁৰ প্ৰতি উপহাস কৰিছিল; তেওঁ কৈছিল, ‘তোমালোকে যদি আমাকলৈ উপহাস কৰা, তেন্তে নিশ্চয় আমিও তোমালোকক উপহাস কৰিম, যেনেকৈ তোমালোকে উপহাস কৰি আছা’।