فَلَعَلَّكَ تَارِكٌۢ بَعْضَ مَا يُوحَىٰٓ إِلَيْكَ وَضَآئِقٌۢ بِهِۦ صَدْرُكَ أَن يَقُولُوا۟ لَوْلَآ أُنزِلَ عَلَيْهِ كَنزٌ أَوْ جَآءَ مَعَهُۥ مَلَكٌ ۚ إِنَّمَآ أَنتَ نَذِيرٌۭ ۚ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍۢ وَكِيلٌ ﴿١٢﴾
তেন্তে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে তাৰ পৰা কিবা তুমি বৰ্জন কৰিবা নেকি আৰু সিহঁতৰ এনেকুৱা কথাৰ বাবে তোমাৰ মন সংকুচিত হ’ব নেকি যে, ‘তাৰ ওচৰলৈ ধন-ভাণ্ডাৰ কিয় অৱতীৰ্ণ কৰা নহয় অথবা তাৰ লগত ফিৰিস্তা কিয় নাহে’? (কিন্তু হে নবী!) তুমি কেৱল এজন সতৰ্ককাৰীহে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত কৰ্মবিধায়ক।