Surah Al-Fil ( The Elephant )

Surah Al-Fil ( The Elephant ) - অসমীয়া Aya count 5

তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে হাতীৰ অধিপতিসকলৰ লগত কেনেকুৱা (আচৰণ) কৰিছিল?
তেওঁ সিহঁতৰ ষঢ়যন্ত্ৰক ব্যৰ্থতাত পৰ্যবসিত কৰা নাছিলনে?
আৰু সিহঁতৰ বিৰুদ্ধে তেওঁ জাকে জাকে চৰাই পঠিওৱা নাছিলনে?
যিবোৰে সিহঁতৰ ওপৰত পকা টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল।
ফলত তেওঁ সিহঁতক ভক্ষিত তৃণ-সদৃশ কৰিছিল।
Share