Surah Al-Humazah ( The Slanderer )

Surah Al-Humazah ( The Slanderer ) - অসমীয়া Aya count 9

দুৰ্ভোগ প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে সন্মুখত আৰু অনুপস্থিতিত পৰনিন্দা কৰে।
যিয়ে সম্পদ জমা কৰে আৰু বাৰে বাৰে গণনা কৰে।
সি ধাৰণা কৰে যে, তাৰ সম্পদে তাক চিৰজীৱী কৰি ৰাখিব।
কেতিয়াও নহয়, নিশ্চয় সি হুতামাত নিক্ষিপ্ত হ’ব।
আৰু তুমি জানানে, হুতামা কি?
ই হৈছে আল্লাহৰ প্ৰজ্বলিত জুই।
যিয়ে হৃদপিণ্ডক গ্ৰাস কৰিব।
নিশ্চয় এইটোৱে সিহঁতক আৱদ্ধ কৰি ৰাখিব।
ওখ ওখ স্তম্ভসমূহত।
Share