Surah Al-Qari'ah ( The Striking Hour )

Surah Al-Qari'ah ( The Striking Hour ) - অসমীয়া Aya count 11

ভীতিপ্ৰদ মহা বিপদ।
ভীতিপ্ৰদ মহা বিপদ কি?
ভীতিপ্ৰদ মহা বিপদ সম্পৰ্কে তুমি কি জানা?
সেইদিনা মানুহ হ’ব বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে।
আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙীন ঊণৰ দৰে।
এতেকে যাৰ (ছোৱাবৰ) তুলাচনী গধুৰ হ’ব,
তেওঁ থাকিব সন্তোষজনক জীৱনত;
আৰু যাৰ পাল্লা পাতল হ’ব,
তাৰ ঠিকনা হ’ব ‘হা-ৱিয়াহ’।
আৰু তুমি কি জানা সেইটোনো কি?
সেইটো হৈছে এটা অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।
Share